Micah 5

1যিৰূচালেমৰ লোকসকল,
এতিয়া একলগ হৈ যুদ্ধলৈ শাৰীত আহাঁ,
তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে,
কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক
লাঠিৰে গালত প্রহাৰ কৰিব।

2কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা,

যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ,
তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ
তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব,
যিজনৰ আৰম্ভণী পূৰ্ব্বকালৰ পৰা অনন্তকাললৈকে।
3এই হেতুকে যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিয়ে,
ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব;
আৰু তেওঁৰ ভাইসকলৰ অৱশিষ্ট সকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব।

4যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব

আৰু তেওঁৰ পশুৰ জাক চৰাব,
তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত
তেওঁলোকে বাস কৰিব;
কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
5তেঁৱেই আমাৰ শান্তি হ’ব;
যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব,
আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব,
তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন ভেড়া-ৰখীয়া,
আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।

6এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ,

আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্ৰোদৰ দেশ শাসন কৰিব।
যেতিয়া অচূৰে আমাৰ দেশত সোমাব,
আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব,
তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব।
7বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক,
যিহোৱাৰ পৰা অহা নিয়ৰ,
আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব।
সেইবোৰে মানুহৰ,
আৰু মনুষ্য সন্তানসকলৰ বাবে অপেক্ষা নকৰে।

8দেশৰ আৰু বহুতো মানুহৰ মাজত

যাকোবৰ অৱশিষ্ট লোক,
জংঘলত জন্তুৰ মাজত থকা সিংহ,
আৰু ভেড়াৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব।
যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়,
তেওঁ তেওঁলোকক গচকিব আৰু ফালি টুকুৰা টুকুৰ কৰিব,
আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
9তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক,
আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব।

10“সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে,

“মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোৰাবোৰ ধ্বংস কৰিম,
আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।
11মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম,
আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম।

12মই তোমালোকৰ হাতৰ মায়াকাৰ্য নষ্ট কৰিম,

আৰু তোমালোকৰ কোনো গণক নাথাকিব।
13মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ,
আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম।
তোমালোকৰ নিজৰ হাতৰ কার্যক আৰু প্ৰণিপাত নকৰিবা;
14মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম,
আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম।
যি দেশে মোৰ কথা নুশুনে সেই দেশৰ ওপৰত
মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।
15

Copyright information for AsmULB